Type Here to Get Search Results !

ছাত্র জীৱনৰ কিছুমান ভাল অভ্যাস



অভ্যাস কি? ছাত্র জীৱনত লব লগা কিছুমান ভাল অভ্যাস


অভ্যাস এনে আচৰণৰ ৰুটিন যিয়ে এজন সাধাৰণ ব্যক্তিক অসাধাৰণ ব্যক্তিলৈ ৰূপান্তৰ কৰিব পাৰে। বর্তমান সময়ত মানুহে দৈনন্দিন কামবোৰ কৰিবৰ বাবেও এলাহ কৰা দেখা যায়৷ যাৰ বাবে মানুহে নিজস্ব স্বাভিমান হেৰুৱাব লগা হৈছে। অভ্যাসে আমাৰ মাজৰ পৰা এলাহ মনোভাৱ দুৰ কৰাত সহায় কৰে৷

অভ্যাসবোৰ আমাৰ মাজত নিয়মিতভাৱে পুনৰাবৃত্তি হয় আৰু অৱচেতনভাৱে দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। অভ্যাস কেৱল শিশু বা শৈশৱতে নহয় ই প্ৰাপ্তবয়স্ক অৱস্থাতো গঢ় লৈ উঠিব পাৰে। কিছুমান অভ্যাসে আমাক এটা জীৱন গঢ়ি তোলাত সহায় কৰে আৰু কিছুমানে ইয়াক ধ্বংস কৰাত অৰিহণা যোগায়। কিছুমান অভ্যাস আমাৰ শাৰীৰিক প্ৰতিক্ৰিয়াৰ লগত জড়িত, যেনে আমাৰ নখ কামোৰা। কিছুমান অভ্যাস আমাৰ মানসিক কাম-কাজৰ লগত জড়িত, যেনে চিন্তা-চৰ্চা কৰিব পৰা ক্ষমতা বৃদ্ধি কৰা, আকৌ আৱেগিক অভ্যাস যেনে উদ্বিগ্নতা বা হতাশ অনুভৱ কৰা।

WritePages



ছাত্ৰ-ছাত্ৰীসকলে কিয় অভ্যাসবোৰ অনুসৰণ কৰিব লাগে?
অভ্যাস হৈছে এজন ছাত্ৰৰ জীৱনৰ এক প্ৰিয় বন্ধু যিয়ে তেওঁলোকক সঠিক দিশত পথ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ জীৱন, আৰু চিন্তাশীল ক্ষমতা বিকশিত কৰে। ছাত্ৰ-ছাত্ৰীয়ে ডাঙৰ হোৱাৰ লগে লগে ভাল অভ্যাস গঢ়ি তুলিব লাগে। যাতে তেওঁলোকে নিজৰ মাজত স্থিৰতা আৰু ধৈৰ্য্য বৃদ্ধি কৰে।

  • ভাল অভ্যাসে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক আৰু মানসিক দুৰ্বলতা দূৰ কৰি শক্তিশালী আৰু সুস্থ হৈ উঠাত সহায় কৰে।
  • ভাল অভ্যাসে ছাত্ৰ-ছাত্ৰীক জীৱনত সফল হ’বলৈ উৎসাহিত কৰে।
  • ভাল অভ্যাসে ছাত্ৰ-ছাত্ৰীক দেশৰ ভাল নাগৰিক হ’বলৈ অনুপ্ৰাণিত কৰে।
  • অভ্যাসে ছাত্ৰ-ছাত্ৰীক যিকোনো কামত মনোযোগ দিবলৈ শিকাই।
  • অভ্যাসে ছাত্ৰজনক ধৈৰ্য্যৰে এটা অসম্ভৱ কাম কৰিবলৈ সক্ষম কৰে।
  • ভাল অভ্যাসে ছাত্ৰ-ছাত্ৰীক শিকিবলৈ আৰু বৃদ্ধি কৰাত সহায় কৰে।
  • ভাল অভ্যাসে ছাত্ৰ-ছাত্ৰীক সফল প্ৰাপ্তবয়স্ক হোৱাত সহায় কৰে।
Click Here: মানৱ জীৱনত শিক্ষাৰ উদ্দেশ্য

ছাত্ৰ-ছাত্ৰীক স্কুলীয়া জীৱনত সফল হ’বলৈ সহায় কৰিব পৰা কিছুমান অভ্যাস-

ছাত্র জীৱনত অভ্যাস এক গুৰুত্বপূর্ণ অংগ যিয়ে এজন ছাত্রক লক্ষ্য স্থিৰ কৰাত সহায় কৰে৷ শিক্ষার্থীয়ে ছাত্র জীৱনত অভ্যাস অৰ্জন কৰাটো গুৰুত্বপুৰ্ণ বিষয়। যিয়ে ছাত্র জনৰ প্রকৃত জীৱন গঢ়ি তোলাত সহায় কৰে।
  • শিক্ষণৰ প্ৰতি আগ্ৰহ গঢ়ি তোলা। শিক্ষণৰ প্ৰতি আগ্ৰহে এজন ছাত্ৰৰ দৃঢ়তা গঢ়ি তুলিব পাৰে।
  • লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেই লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰা।
  • ইতিবাচকভাৱে চিন্তা কৰা।
  • সমস্যা সমাধানৰ কৌশল প্ৰস্তুত কৰা।
  • শান্ত মগজুৰে কাম কৰিবলৈ চেষ্টা কৰা।
  • সংগঠিত হোৱাৰ দিশত অৱস্থিত থকা।
  • বিপৰ্যয়ৰ সন্মুখত ধৈৰ্য্য ধৰাৰ ক্ষমতা বৃদ্ধি কৰা ।
  • এটা ভাল মনোভাৱৰ ভাৱদ্বাৰাৰ সৃষ্টি কৰা।

ছাত্ৰ-ছাত্ৰীয়ে গ্রহণ কৰিব লগা কিছুমান ভাল অভ্যাস:

  • প্ৰতিদিনে পঢ়াৰ অভ্যাস গঢ়ি তোলা।
  • ৰাতিপুৱা সোনকালে শুই উঠা।
  • সুস্বাস্থ্য বজাই ৰখাৰ বাবে স্বাস্থ্যসন্মত খাদ্য খোৱা অতি প্ৰয়োজনীয়।
  • টোপনি ক্ষতি কৰিব নালাগে। পাৰিলে প্রয়োজন সাপেক্ষে টোপনি লব লাগে।
  • শাৰীৰিক স্বাস্থ্য বৃদ্ধিৰ বাবে ব্যায়াম কৰিব লাগে।
  • মানসিক স্বাস্থ্য বিকাশৰ বাবে ৰাতিপুৱা সোনকালে শুই উঠি ধ্যান কৰিব লাগে। যিয়ে অধ্যয়ন কৰা বিষয়বোৰ মনত ৰখাত সহায় কৰে।
  • বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ বাবে সময় উলিয়াই মনৰ কথাবোৰ আদান প্রদান কৰিব লাগে।
  • মানসিক চাপে ছাত্ৰ-ছাত্ৰীৰ জীৱন, শৈক্ষিক প্ৰদৰ্শন আৰু সামগ্ৰিক সুখত আঘাত দিব পাৰে। গতিকে মনটোক শিথিল কৰি সময়খিনি মুক্তভাৱে উপভোগ কৰিবলৈ চেষ্টা কৰিব লাগে।
  • প্ৰয়োজনতকৈ অধিক কথা কোৱাৰ পৰা আঁতৰত থাকিব লাগে।
  • প্রয়োজনতকৈ অতিমাত্ৰা চিন্তা কৰিব নালাগে।
  • পৰিস্থিতি সমুহক বিশ্লেষণ কৰাৰ চেষ্টা কৰিব লাগে।

Post a Comment

0 Comments