Type Here to Get Search Results !

মগজু: মানুহৰ চিন্তাশক্তি হেৰুৱাৰ কাৰণ


WritePages



মস্তিষ্ক বা মগজু (brain) সকলো মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায়বোৰ অমেৰুদণ্ডী প্ৰাণীৰে আছে। ই হ'ল প্ৰাণীৰ স্নায়ু তন্ত্ৰৰ কেন্দ্ৰ। মস্তিষ্ক বা মগজু মানুহৰ শৰীৰৰ এটা প্ৰধান অংগ। ই মানুহৰ শৰীৰৰ প্ৰতিটো অংগ নিয়ন্ত্ৰণ কৰে। শৰীৰৰ যিকোনো অংশত আঘাত হ’লে মগজুৱে লগে লগে সংকেত প্ৰেৰণ কৰে। ই অবিচ্ছেদ্য স্নায়ু আৰু নিউৰনেৰে গঠিত। সমগ্র মানৱ জাতিয়ে দিনক দিনে আগবাঢ়ি যোৱাত মগজু বা মস্তিকৰ শক্তিয়ে গুৰত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু আমাৰ অপব্যৱহাৰৰ ফলত কেতিয়াবা ইয়াৰ চিন্তাশক্তি সহজেই নষ্ট হয়৷

এই প্রৱন্ধটোত এনে ৫টা কাৰণৰ বিষয়ে উল্লেখ কৰা হৈছে। যাৰ বাবে মানুহে মগজুৰ চিন্তাশক্তি হেৰুৱাব পাৰে।

Click Here:ছাত্র জীৱনৰ কিছুমান ভাল অভ্যাস

মগজু: মানুহৰ চিন্তাশক্তি হেৰুৱাৰ কাৰণ

  1. প্ৰয়োজনতকৈ অধিক চিন্তা কৰা - প্রয়োজনতকৈ অধিক চিন্তা কৰিলে মগজুৰ চিন্তা শক্তি দিনক দিনে হ্রাস পাব ধৰে। চিন্তা কৰাটো আৱিষ্কাৰৰ মূল। অতীতৰ পৰা বৰ্তমানলৈকে ইতিহাসলৈ চালে আমি প্ৰতিজন বিজ্ঞানীৰ চিন্তাধাৰাক কিবা এটা আৱিষ্কাৰৰ আধাৰ হিচাপে বিচাৰি পাম। কিন্তু মানুহে সেই বিচাৰ পৰিত্যাগ কৰি অপ্ৰয়োজনীয় কথাবোৰ চিন্তা কৰি থাকিলে আৱিষ্কাৰ কৰাৰ পৰিৱৰ্তে মগজুৰ চিন্তা কৰাৰ ক্ষমতা হেৰুৱাব পাৰে।
  2. প্ৰয়োজনতকৈ অধিক জোৰেৰে শব্দ শুনা - মানুহৰ ২০,০০০ হর্জ লৈকে শব্দ শুনিব পৰা ক্ষমতা আছে। য'ত মগজুৱে সহ্য কৰিব পৰা ক্ষমতা আহৰণ কৰিব পাৰে। কিন্তু কাণত সঘনাই হেডফোন লগাই উচ্চ শব্দত শুনি বা উচ্চ শব্দত সংগীত শুনিলে মগজুৰ ভিতৰৰ কোষ আৰু স্নায়ুতন্ত্ৰৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত চিন্তা কৰাৰ ক্ষমতা হেৰাই যোৱাৰ সম্ভাৱনা আছে।
  3. মগজুৰ জিৰণি কম হলে - মগজুৰ জিৰণি কম হ’লে আমাৰ চিন্তা ক্ষমতাৰ ক্ষতি হ’ব পাৰে। মগজুৱে ২৪×৭ কাম কৰি থাকে। গতিকে ইয়াক কিছুসময়ৰ বাবে জিৰণিৰ প্রয়োজন হয়। মগজুৱে যদি উপযুক্ত পৰিমাণে জিৰণি নাপায় তেন্তে মগজুৰ চিন্তা কৰাৰ ক্ষমতা হ্রাস পাব পাৰে। গতিকে মগজুৱে সম্পূর্ণ ৰূপে জিৰণি পাৱৰ বাবে যথেষ্ট পৰিমাণৰ টোপনি আৰু জিৰণি লোৱাৰ প্রয়োজন।
  4. বিষণ্ণতা বা হতাশ - হতাশাৰ পৰাও মগজুৰ চিন্তা শক্তিৰ ক্ষমতা হ্রাস পায়। হতাশাই মানুহৰ মনটোক দুৰ্বল কৰি তোলে। ফলত মানুহে কোনো নির্দিষ্ট বা সঠিক কথা এটা চিন্তা কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। যেতিয়া কোনো কথাই মানুহ এজনক ভিতৰৰ পৰা আঘাত দিয়ে, তেতিয়া মানুহজন হৃদয়ত আঘাত পায়। এনে এক সাধাৰণ কাৰণত হতাশা আৰু মগজুৰ চিন্তা ক্ষমতা হেৰাই যায়।
  5. খং কৰা - ই মানুহৰ এক আভ্যন্তৰীণ প্ৰক্ৰিয়া। খঙে মানুহৰ চৌপাশত চলি থকা ঘটনাবোৰৰ বিচাৰ বিবেচনা কৰাৰ ক্ষমতা হেৰুৱাই পেলাই। ইয়াক ভৌতিকভাৱে দেখা বা বিচাৰি পোৱা নাযায়। মানুহে কেৱল ইয়াৰ প্ৰতিক্ৰিয়াহে অনুভৱ কৰিব পাৰে। যাৰ পৰিণতি স্বৰূপে ই মানুহৰ নিজস্বতা হেৰুৱাই পেলায় আৰু মগজুলৈ ভ্রম আনি দিয়ে। গতিকে খঙে মগজুৰ চিন্তা কৰাৰ ক্ষমতা হেৰুৱাব পাৰে।    

Post a Comment

0 Comments